23/06/2025
আজিকালি বহু কথাই বুজি পাওঁ।লাহেকৈ আবেগবোৰক বশ কৰিব শিকিছোঁ এতিয়া।আঁতৰি আহিছোঁ লাহেকৈ মানুহবোৰৰ পৰা। বহুত বেছি আবেগিক হ’লে আজিকালি চকুৰে বাট নেদেখা হয়।বুজি পালোঁ এতিয়া সময়ক, মানুহবোৰক, নিজক।কাকো নিদিওঁ আজিকালি মোৰ আপোন হ’বলৈ, নাযাওঁ ঢাপলি মেলি কাৰোবাৰ চহৰত ভৰি দিবলৈ। নোৱাৰি বুজিব কাকো, কেতিয়াও নোৱাৰি।আজিকালি নিজক সময় দিওঁ।না কিবা প্ৰাপ্তিৰ আশা কৰোঁ, না কিবা হেৰুৱাৰ ভয় কৰোঁ।কুশলে থাকো আজিকালি, হাঁহিব মন গ’লে প্ৰাণ খুলি হাহোঁ।কাৰোৰে অধীন হৈ থাকিব নিবিচাৰোঁ, নিজৰ সপোন-ভালপোৱাবোৰক কাৰোবাৰ বাবে ত্যাগ কৰি নিজকে জীয়াই জীয়াই চিতাত উঠাব মই এতিয়া আৰু নোৱাৰো।কাৰোৰে ওচৰত মৰমৰ ভিক্ষা এতিয়া মই নুখুজো।এসময়ত জ্বলি জ্বলি বৰকৈ শেষ হ’লো, ৰাতি ৰাতি উজ্জ্বলি উঠা চকুলোবোৰে মোক প্ৰশ্ন কৰে “আৰু কিমান সহিবি?” উত্তৰত একো নাছিল তেতিয়া;আছিল মাথোঁ বুকু ভেদি পাৰ হৈ অহা এবুকু হুমুনিয়াহ।কিন্তু এতিয়া নোৱাৰে মোক এনে প্ৰশ্ন কৰিব কাৰণ মই যে এতিয়া সলনি হ’লো,নিজকে যেন সলাই পেলালোঁ।এৰা, কেতিয়াবা নিজক সলাই পেলাব লাগে ভাঙি পৰিব নোৱাৰাকৈ।আজিৰ এই দুনীয়াত সৰলতাৰ সুযোগ সকলোৱেই ল’ব।কিন্তু নিজক শেষ হ’বলৈ আপুনি কেতিয়াও নিদিব, মইও নিদিওঁ।বেলেগৰ বাবে নহ’লেও নিজৰ বাবে জী থাকক, আপোনাৰ ভালপোৱাবোৰৰ বাবে জী থাকক, যিয়ে আপোনাক কেতিয়াও হতাশ নকৰে।ভালে থাকক সকলো।