Studio UniqueArt

Studio UniqueArt Computer Certificate Course( Computer Fundamentals, MS Office, Photoshop, gfx Designing, Web Desi

অসম চৰকাৰৰ নতুন নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি | এতিয়া পঢ়া হ'ব সহজ Computer Certificate Course( Computer Fundamentals, MS Office, Photoshop, gfx Designing, Web Designing and Development, cyber security, Java, CSS, HTML, DHTML, XHTML, ) Assam govt. health Examination, SSC , Assam Police , Banking , APSC, UPSC, NDA

18/07/2025
কোনে জানে?ভালে থকাৰ আঁৰৰ হাজাৰটা ভালে নথকাৰ আঁৰৰ কাহিনী?🍃
05/07/2025

কোনে জানে?ভালে থকাৰ আঁৰৰ হাজাৰটা ভালে নথকাৰ আঁৰৰ কাহিনী?🍃

আজিকালি বহু কথাই বুজি পাওঁ।লাহেকৈ আবেগবোৰক বশ কৰিব শিকিছোঁ এতিয়া।আঁতৰি আহিছোঁ লাহেকৈ মানুহবোৰৰ পৰা। বহুত বেছি আবেগিক হ’...
23/06/2025

আজিকালি বহু কথাই বুজি পাওঁ।লাহেকৈ আবেগবোৰক বশ কৰিব শিকিছোঁ এতিয়া।আঁতৰি আহিছোঁ লাহেকৈ মানুহবোৰৰ পৰা। বহুত বেছি আবেগিক হ’লে আজিকালি চকুৰে বাট নেদেখা হয়।বুজি পালোঁ এতিয়া সময়ক, মানুহবোৰক, নিজক।কাকো নিদিওঁ আজিকালি মোৰ আপোন হ’বলৈ, নাযাওঁ ঢাপলি মেলি কাৰোবাৰ চহৰত ভৰি দিবলৈ। নোৱাৰি বুজিব কাকো, কেতিয়াও নোৱাৰি।আজিকালি নিজক সময় দিওঁ।না কিবা প্ৰাপ্তিৰ আশা কৰোঁ, না কিবা হেৰুৱাৰ ভয় কৰোঁ।কুশলে থাকো আজিকালি, হাঁহিব মন গ’লে প্ৰাণ খুলি হাহোঁ।কাৰোৰে অধীন হৈ থাকিব নিবিচাৰোঁ, নিজৰ সপোন-ভালপোৱাবোৰক কাৰোবাৰ বাবে ত্যাগ কৰি নিজকে জীয়াই জীয়াই চিতাত উঠাব মই এতিয়া আৰু নোৱাৰো।কাৰোৰে ওচৰত মৰমৰ ভিক্ষা এতিয়া মই নুখুজো।এসময়ত জ্বলি জ্বলি বৰকৈ শেষ হ’লো, ৰাতি ৰাতি উজ্জ্বলি উঠা চকুলোবোৰে মোক প্ৰশ্ন কৰে “আৰু কিমান সহিবি?” উত্তৰত একো নাছিল তেতিয়া;আছিল মাথোঁ বুকু ভেদি পাৰ হৈ অহা এবুকু হুমুনিয়াহ।কিন্তু এতিয়া নোৱাৰে মোক এনে প্ৰশ্ন কৰিব কাৰণ মই যে এতিয়া সলনি হ’লো,নিজকে যেন সলাই পেলালোঁ।এৰা, কেতিয়াবা নিজক সলাই পেলাব লাগে ভাঙি পৰিব নোৱাৰাকৈ।আজিৰ এই দুনীয়াত সৰলতাৰ সুযোগ সকলোৱেই ল’ব।কিন্তু নিজক শেষ হ’বলৈ আপুনি কেতিয়াও নিদিব, মইও নিদিওঁ।বেলেগৰ বাবে নহ’লেও নিজৰ বাবে জী থাকক, আপোনাৰ ভালপোৱাবোৰৰ বাবে জী থাকক, যিয়ে আপোনাক কেতিয়াও হতাশ নকৰে।ভালে থাকক সকলো।

সকলোকে বুজি পোৱা মানুহবোৰৰো কেতিয়াবা ভাগৰ লাগে, নিজক ত্যাগ কৰি আনৰ ওঁঠত হাঁহি বিয়পাব পৰা সেই মানুহবোৰৰো কেতিয়াবা ভাগৰ লা...
07/06/2025

সকলোকে বুজি পোৱা মানুহবোৰৰো কেতিয়াবা ভাগৰ লাগে, নিজক ত্যাগ কৰি আনৰ ওঁঠত হাঁহি বিয়পাব পৰা সেই মানুহবোৰৰো কেতিয়াবা ভাগৰ লাগে, সময়ৰ সোঁতত নিজকে ঠেলি নিদি ভালপোৱাবোৰৰ কাষতে উমলি ফুৰা সেই মানুহবোৰৰো কেতিয়াবা ভাগৰ লাগে, আনৰ বাবে নিজেই সেই কোমলতাৰ সাজ পিন্ধা মানুহবোৰৰো কেতিয়াবা কিন্তু খুউব ভাগৰ লাগে।কেতিয়াবা ভাব হয় “বেছিকৈ বুজোঁ বাবেই চাগে আমিবোৰ শেষত পিছপৰি ৰও,বেছিকৈ আনৰ বাবে আগবাঢ়ি যাওঁ বাবেই চাগে আমিবোৰ কৰ’বাত হেৰাই যাওঁ” ! কেতিয়াবা মন যায় কঠোৰ হৈ পৰিবলৈ কিন্তু কঠোৰতাক মই দেখোন সহিবই নোৱাৰো।কোনোবাই উচুপি থকা দেখিলে নিজেও উচুপি উঠোঁ, তেনে ক্ষেত্ৰত কেনেকৈ নো কঠোৰতাক আশ্ৰয় দিওঁ?নোৱাৰো, একদম নোৱাৰো।তথাপিও কেতিয়াবা ৰৈ চাবলৈ মন যায়।মই নাথাকিলে কিমানৰ বুকুত ধুমুহা বলে এবাৰ জুখি চাবলৈ মন যায়।কিন্তু আমি পাহৰিয়েই যাওঁ যে “আনৰ বাবে বেছিকৈ চিন্তা কৰা মানুহবোৰ শেষত নিজেই অকলশৰীয়া হৈ ৰৈ যায়”..

“হিয়াৰ গভীৰ প্ৰেমৰ সুৱাস তুমি কোমল হৃদয়ৰ ব্যকুলতা তুমিপুৱাৰ পোহৰৰ জিলিকণী তুমি মাজনিশা মোৰ সপোনৰ সাৰথি তুমি” ৷
11/05/2025

“হিয়াৰ গভীৰ প্ৰেমৰ সুৱাস তুমি কোমল হৃদয়ৰ ব্যকুলতা তুমি
পুৱাৰ পোহৰৰ জিলিকণী তুমি মাজনিশা মোৰ সপোনৰ সাৰথি তুমি” ৷

যদি কেতিয়াবা কোনোবাই থোকাথুকি মাতেৰে আপোনাক সদায় লগত থাকিবলৈ সম্ভাষণ জনাই , তেন্তে বহুত বেছি সমস্যা নহলে ৰৈ দিব চোন ৷ যদ...
25/04/2025

যদি কেতিয়াবা কোনোবাই থোকাথুকি মাতেৰে আপোনাক সদায় লগত থাকিবলৈ সম্ভাষণ জনাই , তেন্তে বহুত বেছি সমস্যা নহলে ৰৈ দিব চোন ৷ যদি আপোনাৰ সান্নিধ্যত কোনোবা জী উঠে ৷ যদি আপোনাৰ এষাৰি মাতে কাৰোবাৰ প্ৰেৰণা দিয়ে কিম্ আপোনাৰ এটা মেছেজে ডাৱৰীয়া মুখখনতো হাঁহি আকি দিব পাৰে তেন্তে তেওঁৰ লগত থাকিবলৈ চেষ্টা কৰিবচোন ৷ মনত ৰাখিব ঋতু ছয়তা থাকে কিন্তু জীয়াই তুলিব পৰা ক্ষমতা কেৱল বসন্তৰহে থাকে ৷ যদি কাৰোবাৰ জীৱনৰ বাবে আপুনি বসন্ত হৈ তেওঁক জীয়াই তুলিব পাৰিছে মৰহি যোৱা কোনোবাই যদি আপোনাৰ সান্নিধ্যতআকৌ জী উঠিছে তেন্তে তেওঁক জীয়াই তোলক |

20/04/2025
কথাবোৰৰ এদিন মৃত্যু হয়.. সদায় পাতিম বুলি আৰম্ভ কৰা কথাবোৰো এদিন শেষ হয়.. কথাবোৰৰ মাজেৰে সাজি লোৱা পৃথিৱীখনৰ এদিন মৃত্যু ...
09/04/2025

কথাবোৰৰ এদিন মৃত্যু হয়.. সদায় পাতিম বুলি আৰম্ভ কৰা কথাবোৰো এদিন শেষ হয়.. কথাবোৰৰ মাজেৰে সাজি লোৱা পৃথিৱীখনৰ এদিন মৃত্যু হয়.. শব্দবোৰ এদিন হাৰি যায়.. অসহ্যকৰ মৌনতাৰ মাজত ভাল লগা কথাবোৰক কবৰ দিয়া হয়.. কথাবোৰ একে হৈ নাথাকে.. যিয়ে একে বুলি ভাবে, তেওঁ টুকুৰা টুকুৰকৈ ভাঙে.. কথাবোৰক সেয়ে অভ্যাস কৰিব নালাগে.. কাৰণ, আমিতো নাজানো আমি অভ্যাস কৰি লোৱা কথাবোৰক সমুখৰজনে কিজানি আজৰি পৰৰ সময় কটাবলৈহে আঁকোৱালি লৈছে.. কথাবোৰৰ মাজত জীয়াই নাথাকিব, অন্যথা কথাবোৰৰ লগে লগে আপোনাৰ মনটোৰো মৃত্যু হ’ব... পুনৰ জী উঠিব নোৱাৰাকৈ...

মোৰ সৰু কুঠৰীত এখনেই খিৰিকী ।তাৰেই বাহিৰলৈ চাওঁ ।দেখো নেকি ক’ৰবাত মিলান কুণ্ডেৰাৰ ‘গড্ছ উইণ্ডো’ৰে নামি অহা সেই কল্পনাৰ ক...
28/03/2025

মোৰ সৰু কুঠৰীত এখনেই খিৰিকী ।
তাৰেই বাহিৰলৈ চাওঁ ।
দেখো নেকি ক’ৰবাত মিলান কুণ্ডেৰাৰ ‘গড্ছ উইণ্ডো’ৰে নামি অহা সেই কল্পনাৰ কোনোবাক ।
কাষত শৰণীয়া পাহাৰ ।
অথচ কোনোদিনেই সেই খিৰিকীৰে ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ মোৰ সৌভাগ্য নহ’ব ।
খিৰিকীৰ কাষত থাকিব লাগিছিল আকাশ উজ্বলাই তোলা বিস্তীৰ্ণ পথাৰ ।
অথচ থিয় হৈ আছে এখন শেলুৱৈ আবৃত্ত পকী দেৱাল ।
তদুপৰি মোৰ কাষত এপিকোৰাছ নাই ।
যি ক’ব তুমি আগবাঢ়া, কেৱল আগবাঢ়া ।
মগজুৰ কথা নুশুনিবা, সমাজক জানিবলৈ নিদিবা ।
সিদিনা মোৰ বন্ধু এজনে কৈছিল - অলপ Wild হ’বি ।
জীয়াই থাকিবলৈ হেনো অলপ Wildnessৰ প্ৰয়োজন ।
তেওঁক মই কোন সতে কওঁ,
হৃদয়ৰ নিভৃতত গুজৰি গুমৰি আছে এজাক ধুমুহাৰ দৰে আন এক Wildness ।
যাৰ নাম —————— প্ৰেম ।।।।

শদিয়াৰ পৰা ধুবুৰীলৈ এইবেলিও ৰঙালী বিহুৰ মঞ্চ ৰঙীন কৰিবলৈ সাজু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী  বিহুমঞ্চৰ বাবে আজিয়েই যোগাযোগ কৰক...
02/03/2025

শদিয়াৰ পৰা ধুবুৰীলৈ এইবেলিও ৰঙালী বিহুৰ মঞ্চ ৰঙীন কৰিবলৈ সাজু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিহুমঞ্চৰ বাবে আজিয়েই যোগাযোগ কৰক 6001156902/8099212897

Address

Guwahati
Bokakhat
781024

Website

Alerts

Be the first to know and let us send you an email when Studio UniqueArt posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category