03/06/2020
আজি বিশ্ব বাইচাইকেল দিৱস, আজিৰ দিনটোতে দুলালদাক ধন্যবাদ জনাইছো এটা ধনাত্মক বাতৰি যুগতোৱাৰ বাবে, সচাকৈ আপোনালোক প্ৰতিজন চাইকেল আৰোহিক ধন্যবাদ জনাইছো , ইমান দ্বায়িত্বশীল ব্যক্তি , সমাজ খনক সুস্থ কৰি ৰাখিবৰ বাবে ইমান সুন্দৰ প্ৰয়াস কৰিছে , সচাকৈ এনে লাগিছে যেন , আমাৰ দেশ খনে আকৌ এটা নতুন ৰূপ পাব । আজি কালি কম কম দামত বহুত ধুনীয়া ধুনীয়া চাইকেল পায়, জড় পৰাই হওক যাৰ পৰাই হওক, আহক, আমি সকলোৱে একোখনকৈ চাইকেল কিনো আৰু চাইকেল আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰো , আৰু সবল সুস্থ দেশ গঢ়াত অৰিহণা যোগাও ।